দৰঙৰ ননৈ বোৱতী জলসিঞ্চন আঁচনিত উলিয়াই নিলে ১৫.২৮ কোটি টকা। ডেৰ লাখ টকীয়া ঘৰ সাজি লুটিলে ৪৯ লাখ। কংগ্ৰেছ চৰকাৰৰ জলসিঞ্চন আঁচনিৰ নামত কেৱল চলিছিল ধন লুন্ঠন ।

দৰঙৰ ননৈ বোৱতী জলসিঞ্চন আঁচনিত উলিয়াই নিলে ১৫.২৮ কোটি টকা। ডেৰ লাখ টকীয়া ঘৰ সাজি লুটিলে ৪৯ লাখ। কংগ্ৰেছ চৰকাৰৰ জলসিঞ্চন আঁচনিৰ নামত কেৱল চলিছিল ধন লুন্ঠন ।

 

 

দৰঙৰ ননৈ বোৱতী জলসিঞ্চন আঁচনিত উলিয়াই নিলে ১৫.২৮ কোটি টকা। ডেৰ লাখ টকীয়া ঘৰ সাজি  লুটিলে ৪৯ লাখ। কংগ্ৰেছ চৰকাৰৰ জলসিঞ্চন আঁচনিৰ নামত কেৱল চলিছিল ধন লুন্ঠন ।

 

 জয়দেৱ ডেকা, মংগলদৈ

কংগ্ৰেছ চৰকাৰৰ শাসনকালত জলসিঞ্চন আঁচনিৰ নামত যে কেৱল ধন লুন্ঠণৰ প্ৰতিযোগিতা চলিছিল তাৰ তথ্য পোহৰলৈ আহিছে দৰঙত ৷ দৰঙৰ চমতীয়াপাৰাত  ২০০৮-০৯ বিত্তীয় বৰ্ষতে ৩০.০৮ কোটি টকাৰে আৱন্টিত ননৈ বোৱতী জলসিঞ্চন আঁচনি খন প্ৰকৃতাৰ্থত বিভাগীয় অভিযন্তা, ঠিকাদাৰৰ ধণলুন্ঠৰ যে এক আহিলা হৈ পৰিছিল সেই কথা আজি বিভাগীয় তথ্যই স্পষ্ট কৰি দিছে। আঁচনি খনৰ পৰা ইতিমধ্যে ১৫.২৮ কোটি টকা অৰ্থাৎ ৫১ শতাংশ ধন উলিয়াই নিয়া হৈছে যদিও আঁচনি খনৰ মুখ্যদ্বাৰ অৰ্থাৎ হেডৱৰ্কচৰ কেৱল পাইলিঙৰ কিছু অংশৰহে কাম কৰা হৈছিল।

আঁচনি খনৰ নামত ৰাজকোষৰ পৰা ইমান বিশালৰাশিৰ ধন অপচয়ৰ পাছতো কিন্তু চকুমুদা কুলিৰ ভাওঁ লৈ আছিল সেই সময়ৰ আঁচনি খনৰ এচ অ গৌতম দেৱ চৌধুৰী সহ মঙলদৈ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, অধীক্ষক অভিযন্তা তথা সমস্ত বিভাগ। শুনিব আচহুৱা যদিও আজিৰ দিনটোত সত্য এয়ে যে, কুখ্যাত ননৈ বোৱতী জলসিঞ্চন আঁচনি আজি এক মীনপালন পুখুৰীলৈহে ৰূপান্তৰ হৈছে । এই পুখুৰীত আজি স্হানীয় এটা পৰিয়ালে মৎস্য পালন কৰি অহাৰ বিষয়ে স্বীকাৰ কৰাৰ লগতে বিগতবৰ্ষত ১.৫৬ লাখ টকাৰ মাছ বিক্ৰী কৰাটোও সদৰি কৰে। লক্ষনীয় যে, ২০০৮-০৯ বিত্তীয়বৰ্ষত দৰঙৰ চমতীয়াপাৰাত ননৈ বোৱতী জলসিঞ্চন আঁচনি খন ৰূপায়নৰ দায়িত্ব দিয়া হৈছিল সৌৰভ হাজৰিকাৰ মালিকাধীন নৰ্থ ইষ্ট ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডক। প্ৰতিস্হানটোৱে  মুখ্যদ্বাৰৰ কাম আৰম্ভ কৰে। আঁচনিখন সুন্দৰভাৱে পূৰ্বৰ সুতিৰ পৰা আতৰাই আনি ননৈ জলাধাৰ পোনকৈ বোৱাই নি তাৰ পৰা পূব দিশৰ কেনেলৰ যোগেদি চমতীয়াপাৰা, বৰমপুৰ, বানেইকুচি, আঠকুৰীয়া, পাথৰিঘাট ইত্যাদি ১০ খন গাৱৰ পথাৰলৈ আৰু পশ্চিম দিশৰ কেনেলযোগেদি লঠাপাৰা, হাতীমাৰা, নাপ্তাপাৰা, ভকতপাৰা, দিপীলা, খটৰা আদি ৮/১০ খন গাৱৰ ৰাইজৰ পথাৰত পানী যোগান সম্ভৱ হৈ উঠিলে হয়।



কিন্তু, এক্সেভেটৰ যোগে বৃহৎ গাত খান্দি প্ৰায় ডেৰশ, দুশ ফুট পাইলিঙৰ কাম কৰি হেডৱৰ্কটৰ নিম্নাংশৰ আন্তঃগাঠনি নিৰ্মান কৰা হয়। সম্প্ৰতি গোটেই নিৰ্মান অংশ পানীৰ তলত যদিও আশংকা কৰা মতে প্ৰায় ১০ শতাংশৰ নিম্ন কাম সম্পূৰ্ণ কৰে। ইয়াৰ পাছত নিৰ্মানকাৰীয়ে বিল দাখিল কৰি সেই সময়ৰ জলসিঞ্চন মন্ত্ৰীৰ প্ৰভাৱত ১২ কোটি ৬৯ লাখ টকা উলিয়াই নিয়ে। উলিয়াই নিয়া ধনৰাশিৰ মাজত ডেৰ লাখ, দুই লাখ টকাৰ আৱাস সাজি ৪৯ লাখ টকাৰ উলিওৱা বিলো আছে। সেয়া এক অন্য অধ্যায়। ইপিনে, বিশাল ৰাশিৰ ধন উলিয়াই নিয়াৰ পাছতে ৰহস্যজনকভাৱে কাম আধৰুৱা কৰি অন্তৰ্ধান হয় নৰ্থ ইষ্ট ইঞ্জিয়াৰচ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটো। বিভাগীয় অসমৰ্থিত সূত্ৰই দাবী কৰা অনুসৰি তদানীন্তন একাংশ মন্ত্ৰী আমোলাৰে ধনৰ ভাগবতোৱাৰাত সৃষ্টি হোৱা ভুল বুজাবুজিৰ বাবে সৃষ্টি হোৱা বিবাদত প্ৰথম প্ৰতিস্হানটো সুৰক্ষিতভাৱেই আতৰি যায়। ৰেলৱে নিৰ্মানৰ লগত জড়িত এই প্ৰতিস্হানটোৱে ছত্ৰভংগ দিয়াৰ পাছত এইবাৰ প্ৰৱেশ ঘটে দৰঙৰ পথ নিৰ্মানেৰে জড়িত নিৰ্মানকাৰী প্ৰভূ আগৰাৱালাৰ।

দৰঙৰ মঙলদৈ-ভূটীয়াচাং পথ সুন্দৰভাৱে নিৰ্মানৰ পাছত আগৰাৱালাৰ প্ৰৱেশে ননৈৰ বোৱতী জলসিঞ্চন আঁচনি খনৰ বাকী অংশৰ কাম সমাধা কৰিব বুলি আশা কৰিছিল যদিও আগৰাৱালাৰ গুড উইল আঁচনি খনত ওলাই পৰিল বিপৰীত। কিয়নো আগৰাৱালাই কি কাম কৰি পুনৰ ২ কোটি ৫৯ লাখ টকা উলিয়াই নিলে সেয়া বিভাগীয় আমোলাত বাদে সাধাৰণ ৰাইজে গমেই নাপালে। ননৈৰ আঁচনি এই বিখ্যাতকাৰীৰ হাতৰ পৰশত আজি এক মৎস্য পালন পুখুৰী হৈ ৰ'ল। আঁচনি খন বিজেপি চৰকাৰৰ আমোলত পোনতে পূৰ্বৰ মন্ত্ৰী ৰঞ্জিৎ দত্তই আৰু পাছলৈ মন্ত্ৰী ভৱেশ কলিতাই পৰ্যবেক্ষণ কৰিবলৈ আহিছিল। দত্তই বিভাগীয় বিষয়াক সম্পূৰ্ণ কৰিবলৈ পুনৰ প্ৰাককলন প্ৰস্তুতৰ পৰামৰ্শ দিছিল আৰু বিভাগীয়ভাৱে প্ৰায় ৪৪ কোটি টকাৰ আন এখন প্ৰাককলন জমা দিছিল। কিন্তু, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আঁচনি ৰূপায়নৰ ৰেহৰূপ দেখা পাই দহ খন পথাৰত দহোটা গভীৰ নলীনাদ বহুৱাই তৎকালে পথাৰত পানী যোগানৰ পৰামৰ্শহে দিয়ে। এতিয়া প্ৰশ্ন হৈছে ননৈ বোৱতী জলসিঞ্চন আঁচনিৰ দুই নিৰ্মানকাৰীয়ে যি খিনি কাম সম্পাদন কৰিলে সেয়া নিশ্চতভাৱে পোৱাৰ যোগ্য ।

কিন্তু ১০ শতাংশতকৈ কম কাম কৰি ৫১/৫২ শতাংশ ধন উলিয়াই ৰাজকোষ লুন্ঠন অক্ষমনীয় অপৰাধ নহয় নে ? এই পৰ্যন্ত মঙলদৈ সংমণ্ডলত ৮/১০ জন কাৰ্যবাহী অভিযন্তা সহ কেবাজনো অভিযন্তাই যোগদান অথবা বদলি হ'ল। কিন্তু, কোনো এজনেও বিষয়টো গভীৰভাৱে নললে কিয় ? যি গৰাকী এচ অ' আচনি ৰূপায়ত জড়িত আছিল, তেওঁক সহকাৰী অভিযন্তালৈ পদোন্নতি সহ বদলিহে দিয়া হৈছিল । কিন্তু, আচনি খনৰ নামত লুন্ঠনৰ পাছত কিয় পুৰস্কৃত কৰা হ' ? ইফালে আঁচনিখনত হোৱা লুন্ঠণৰাজৰ বিৰুদ্ধে গুজৰি উঠিছে দৰং আছু ৷ আছুৰ জিলা সভাপতি পৰাগ চহৰীয়াই গোটেই ঘটনাটো উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিছাৰিছে ৷ মুখ্যমন্ত্ৰীয়ে লুণ্ঠনৰাজৰ ওপৰত তদন্তৰ ব্যৱস্থা গ্ৰহন কৰিল লুন্ঠণত জড়িত থকা বিভাগৰ একাংশ লোক যে জালত পৰিব সেয়া নিশ্চিত ৷ আনহাতে ৪৯ লাখ টকা খৰছ দেখুৱাই ১.৫০ বা ২ লাখ টকাৰ যি গৃহ সাজিছিল ৷ পৰবৰ্তী সময়ত আমি তাৰ বিস্তিত প্ৰতিবেদন প্ৰকাশ কৰিম৷

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

 

Post a Comment

Previous Post Next Post