প্ৰভাতৰ অনুভৱ

প্ৰভাতৰ অনুভৱ


    প্ৰভাতৰ অনুভৱ


                                সুশীলা প্ৰভা ভৰালী কাকতি,বৰপথাৰ,গোলাঘাট ৷ 


    নতুন দিনৰ শুভলগনত

    জীৱনৰ নৱতম ছন্দত

    হেপাঁহবোৰে চুই চাব খোজে,

    ৰঙীন উন্মাদনাৰে ভৰপূৰ

    নতুন পৃথিৱীৰ এজাক পোহৰক ৷


    জীৱনৰ জয়গান গাব খুজি

    হঠাতে থমকি ৰয় হৃদয়,

    নাজানো কিয়বা হেৰাই যায়

    সময়ৰ সোঁতৰ গতিধাৰা

    এইয়াই নেকি উৰ্মিমালাৰ

    হৃদয়ৰ অনুভৱৰ তান?


    সাম্প্ৰতিক সময়ৰ বুকুত

    অনাকাংক্ষিত  বেদনাত

    প্ৰভাত হেৰাই যায়

    শুই পৰে বেদনাসিক্ত

    পৃথিৱীৰ জনতা ৷


    তথাপিও,

    হৃদয়ত এবুকু 

    দুখৰ বোজাই লৈ

    আগবাঢ়ি যাব খোজে

    প্ৰতিদিন প্ৰতিপল ৷

    অনুভৱ কৰিব বিচাৰে

    ৰঙীন মাদকতাৰে ভৰা

    এটি নতুন প্ৰভাত ৷





Post a Comment

أحدث أقدم